Business

LightBlog

Fashion

About Me
Munere veritus fierent cu sed, congue altera mea te, ex clita eripuit evertitur duo. Legendos tractatos honestatis ad mel. Legendos tractatos honestatis ad mel. , click here →

Titulo

মা…

" মই বৃদ্ধাআশ্ৰমলৈ নাযাওঁ বোপা "

-তই যেতিয়া মোৰ
পেটৰ ভিতৰত আছিলি,
মেখেলাখনৰ গাঠিটো
টান কৈ নামাৰিছিলোঁ,
তই পেটৰ ভিতৰত
কষ্ট পাবি বুলি,
তই জন্ম হোৱাৰ কিছুদিন পিছত
দেউতাৰাই আমাক এৰি গ'ল ।
তোক বকুতে বান্ধি
জীয়াই থকাৰ সপোন দেখিছিলোঁ,

আন মানুহৰ ঘৰত
ভুই ৰুব যাও
শাওন মাহীয়া ৰ'দত ,
তোক পঢ়াই ডাঙৰ মানুহ
কৰিম বুলি
আশা কৰিছিলো ।
নিজে নাখায়
তোক খুৱাইছিলো ।
তোৰ মনত আছেনে বোপা
তই মেট্ৰিক পৰিক্ষাত
যেতিয়া বহু ভাল ফলাফল কৰিছিলি যে তই
কিমান যে মনত ৰং পাইছিলো মই,
গোহালী উদং কৰি
কলি গাই জনী বেচি
পথাৰৰ মাটি বিক্ৰী কৰি
চহৰত পঢ়িব পঠাইছিলো তোক ,
মনত মাত্ৰ এটাৱে আশা
তই ডক্টৰ হবি
আমাৰ দৰে দুখীয়াক
চিকিৎসা কৰিবি ।
দেউতা বেমাৰ হৈ মৰি
মোৰ সেন্দুৰ কণ নাইকিয়া কৰিছিল
দুখীয়া হোৱা বাবেই ,
আন কোনোৱে যাতে মোৰ দৰে
অভাগিনী নহয় ।

সপোন বোৰ পুৰণ হবলৈ
বেছি বাকী নাছিল ,
তই কোৱা বাবে
ঘৰৰ মাটি খিনি
বেচি দিছিলো ।
মাত্ৰ ঘৰটো
বেচিব বাকী আছিল ।
তই সচাকৈ
মোৰ সপোন পুৰণ কৰিলি ।
ডক্টৰ হ'লি।
-ভাবিছিলো
মোৰ দুখৰ অন্ত পৰিব ,
সুখৰে এসাজ ভাত খাম ,
জীয়াই থকা দিন কেইটাত
অকনমান জিৰনী পাম ।
ভবা কথাবোৰ
ভাবি থাকতে গ'ল ,
সুখৰ বেলি উদয় নহ'ল ।
তই মোৰ ওচৰলৈ নহা হ'লি
নিজৰ ইচ্ছা মতে বিয়া পাতিলি,
বিয়াৰ খৱৰটোৱে মোক নেদিলি ।
কিন্তু কিহৰ বাবে বোপা ?
মই বুজিকে নাপালো অ !

-অ বোপা
তই এবা আহিবিচোন
ঘৰত খাবলৈ একোকে নাই,
শুৱা বিছনাখনত
বৰষুণ পৰে ,
এবাৰ আহিবিচোন
বোৱাৰীজনীকো লগত লৈ
শুনিছো,
তোৰ হেনো ল'ৰা এটা হৈছে
নাতিটোক এবাৰ
মোক লবলৈ নেদিয়া নে ,
মোৰ কোলাত এবাৰ
 প্ৰস্ৰাৱ কৰিব নেদিয়া নে ?
মৰা আগতে
তহতৰ মুখখন
চাবলৈ
বৰ মন গৈছে অ ,
লঘোণত নো কিমান দিন
জীয়াই থাকিম মই ,
কাম কৰি শক্তি নাই দেহত
কি কৰো
তই এ কোচোন বোপা ,

অৱশেষত
উজনী মুৱা ৰেল খনত উঠি
হৰেনৰ লগত
তোৰ ঘৰলৈ বুলি
 ওলাই ছিলো ,
হৰেনৰ মাকৰ
কাপোৰ যোৰ পিন্ধি ,
তই ভালপোৱা বাবে
হৰেন হতুৱাই
কলডিল এটা কাটি আনিছিলো
মহাজন বাৰীৰ পৰা ।
এটা সময়ত তোৰ ঘৰ পালো
বোৱাৰী জনীৰ হাতত
তহতলৈ আনা
বস্তুু খিনি দিলো ,
হাতেৰে নুচুলে ,
কাম কৰা ছোৱালীজনীক
কৈ ডাষ্টবিনত পেলাই দিলে ,
মোৰ মনটো
ভাঙি গ'ল অ বোপা ।

তই যে কৈছিলি
"" মা তই কিয় আহিছা
মোক বিছাৰি
মই যাম বুলি ভাবো সদায়
গাওলৈ
সময় নাপাও মাঁ………
বিয়াখনত তোক
মাতিব নোৱাৰিলো
বেয়া নাপাবি দে,
এলবাম চোৱাচোন
গোটেই বিয়াৰ ফটো ,
চাৰি কুৰি আইটেমৰ
খানা আছিল ""
চহৰত ভিতৰত ডাঙৰ বিয়া বুলি কব পাৰি
সকলোৱে বিয়া খায়
বা বা দিছে ,
তই দেখোন বুঢ়া হৈ গ'লি মা ,
খোৱা বোৱা ঠিকমতে নকৰা নেকি ?

মোৰ চকুৰে পানী নিগৰি আহিল
বিয়া ফটো
চাৰিকুৰি………
মনত প্ৰশ্ন আহিল
তই মোৰ সন্তান আছিলি নে ?
সকলো পঢ়া মানুহ জ্ঞানী নহয় অ
মই আজি বুজি পালো ।

        - মা
তই ইয়াত থাকিলে
সমাজৰ আগত
কি বুলি চিনাকি দিম অ
বোৱাৰীৰো খং উঠে
নহলে তই গাওলৈ যা ,
যদি গুৱাহাটিত থাকিব মন আছে
অহাকালি লৈ তোক মই
বৃদ্ধাআশ্ৰমত থৈ আহিম ,
কাপোৰ বান্ধি লবি,
যিমান খৰচ লাগে
মই দি থাকিম ।

মই গাওলৈ যাব নোৱাৰো
থকা মাটি খিনি
বেচি পেলাইছিলো ,
মই বহুত সুখ পালো
আৰু নালাগে দে অ বোপা
দেখাত ক'লা হোৱা বাবে
বোৱাৰীয়ে কালি
লগৰ মানুহ জনীক
মোক কাম কৰা মানুহ বুলি
চিনাকি কৰাই দিছে ,
তাইতো আনৰ সন্তান দেচোন
আৰু
তই ?
" মই বৃদ্ধাআশ্ৰমলৈ নাযাও অ বোপা "
এতিয়া ভুতনাথ যাত্ৰা কৰিম
অন্তত মই মৰিলে
ৰাইজৰ মানুহে জ্বলাই দিব !
মনত ৰাখিব অ বোপা
তহতো এদিন বুঢ়া হবি
তহতৰ সন্তানবোৰে
যেতিয়া তই মোক কৰাৰ দৰে
বৃদ্ধাআশ্ৰমৰ কোনোবা ৎচুক এটাত
পেলাই ৰাখিব ,
সিদিনা বুজিবি
বেদনা কিমান হৃদয়ত !

অৱশেষত পঢ়ি নিশ্চয় ভাল পালে বুলি আশা ৰাখিলোঁ আৰু  আমাক জনাব  কেনেকুৱা পালে ..।।

No comments

Comments

[getWidget results='3' label='comments' type='list']
Powered by Blogger.